Click to Subscribe:- @ / @gyaanbikash537 Like me on Facebook @ / tilottama.ma Follow me on Twitter @ / tilottama_mg Email me at:- [email protected] নাম- তিলোত্তমা মহন্ত গোস্বামী, সহকাৰী শিক্ষক,বিষয়-অসমীয়া ( M.I.L.)। অভিজ্ঞতা - ২১ বছৰ। শিক্ষক জীৱনৰ পাতনি - শুকদল মাধ্যমিক বিদ্যালয়, মৰিগাঁও। বীৰচামুণ্ডা মেমৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়া। স্প্ৰীং ডেলচ বিদ্যালয়,দুলীয়াজান(ডিব্ৰুগড়)। ইয়াৰ বাহিৰেও অসমীয়া ভাষা সাহিত্যৰ সেৱক বুলি ভাবো। অসমীয়া ভাষাত সাহিত্য সৃষ্টি অব্যাহত ৰাখিছোঁ। বিভিন্ন বাতৰি কাকত, আলোচনীত লেখা প্ৰকাশ হোৱাৰ ওপৰিও অসমীয়া ভাষাত কবিতা, গল্প, প্ৰৱন্ধ, সাধু আদিকে ধৰি ১১খন গ্ৰন্থ প্ৰকাশ হৈছে। গল্পত, কেইবাটাও বঁটা আৰু সাধু গ্ৰন্থৰ বাবে অসম লেখিকা সংস্থাই আয়োজন কৰা শিশু গ্ৰন্থৰ প্ৰতিযোগিতাত স্থান লাভ, শিশু একাংকিকা নাট প্ৰতিযোগিতাত প্ৰথম স্থান। প্ৰৱন্ধত অসম সাহিত্য সভাৰই আয়োজন কৰা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত কৰাৰ উপৰিও কেইবাটাও বঁটা লাভ। কেইবাখনো শিশুনাট ৰচনা আৰু পৰিচালনা কৰি অসম ভিত্তিত আয়োজন কৰা নাট প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা হয়। বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ ১৫ খনতকৈয়ো অধিক আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰা হয়। এসময়ৰ দলৈচুৱা শাখা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, মৰিগাঁও সাহিত্য সভাৰ প্ৰাক্তন সদস্য, দুলীয়াজান সাহিত্য সভা, উত্তৰণ কবিচক্ৰৰ সদস্য, দুলীয়াজান লেখিকা সংস্থাৰ প্ৰাক্তন সম্পাদক আৰু বৰ্তমান ঘোঁৰামাৰা শাখা সাহিত্য সভা, গুৱাহাটীৰ আকাশ অনুষ্ঠানৰ সম্পাদক। অসম সাহিত্য সভাৰ আজীৱন সদস্য, সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্য, অসম লেখিকা সংস্থাৰ আজীৱন সদস্য, অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য, অসম নাট্য সন্মিলনৰ আজীৱন সদস্য। বহুকেইটা মঞ্চত শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ। সদৌ অসম মইনা পাৰিজাতৰ লগত জড়িত। কেইবাখনো মইনা পাৰিজাত গঠন কৰি বৰ্তমান সঞ্চালক হিচাপে দায়িত্ব বহন কৰি থকা হৈছে যদিও এজন ভাল শিক্ষক হোৱাটো মূল লক্ষ্য আৰু উদেশ্য।