Chemical Properties of Metal in Assamese | ধাতুৰ ৰাসায়নিক ধৰ্ম

Chemical Properties of Metal in Assamese | ধাতুৰ ৰাসায়নিক ধৰ্ম

ধাতুৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Metal) : এতিয়ালৈকে আমি ধাতুৰ ভৌতিক ধৰ্ম (Physical Properties of Metal) ৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম ধাতুৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Metal) ৰ বিষয়ে। ধাতুৰ দহন বিক্ৰিয়া প্ৰায় সকলো ধাতুৱে বায়ু বা অক্সিজেন উপস্থিতিত দহন ঘটালে ধাতৱ অক্সাইড উৎপন্ন হয়। ধাতু + অক্সিজেন —– ধাতৱ অক্সাইড 2Cu + O2—– 2CuO 4Al+ 3O2—— 2 Al2O3 ওপৰৰ বিক্ৰিয়াত উৎপন্ন হোৱা Al2O3 কিছু বিশেষ গুণ আছে। ধাতৱ অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয় । কিন্তু কিছুমান ধাতৱ অক্সাইডে আম্লিক বা ক্ষাৰকীয় উভয় ধৰ্মকে প্ৰদৰ্শন কৰে। কিছুমান ধাতৱ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হয়। সেইবাবে ইয়াক উভধৰ্মী অক্সাইড বোলে। Al2O3+6 HCl ——– 2AlCl3+ 3H2O Al2O3+ 2NaOH ——– 2NaAlO2+ H2O যদিও ধাতুৱে মুক্ত পৰিৱেশলত অৰ্থাৎ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে কিন্তু সকলো ধাতুৰ সৈতে সমান বাবে বিক্ৰিয়া নকৰে। কিছুমান ধাতুৱে বায়ুৰ লগত বিক্ৰিয়া অতি প্ৰবল ভাৱে কৰে। যেনে – ছডিয়াম, পটেছিয়াম ইত্যাদি। Na, K আদি ধাতুৱে বায়ুত থকা জ্বলীয় বাষ্পৰ সৈতে ইমান প্ৰবল ভাৱে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে। সেয়েহে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়। ইয়াৰ ওপৰিও Mg, Al, Zn, Pb আদি ধাতুৰ পৃষ্ঠত অক্সাইডৰ আৱৰণ থাকে যাতে ধাতুটোক অধিক জাৰণৰ পৰা ৰক্ষা কৰিব পাৰে। অৰ্থাৎ ইহঁতে বায়ুৰ সৈতে ইমান প্ৰৱল ভাবে বিক্ৰিয়া নকৰে। ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া ধাতুৱে সাধাৰণতে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। পানীৰ দ্ৰৱনীয় ধাতৱ অক্সাইডে পানীত দ্ৰৱীভূত হৈ ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে। ধাতু+ পানী —— ধাতৱ অক্সাইড + হাইড্ৰজেন ধাতৱ অক্সাইড + পানী —— ধাতৱ হাইড্ৰক্সাইড + হাইড্ৰজেন গেছ 1) 2K+2KOH—– 2KOH + H2 2) 2Na + 2H2O—- 2NaOH+ H2 ওপৰোক্ত বিক্ৰিয়াত উৎপন্ন হোৱা H2 গেছ নিমিষতে জ্বলি উঠে। কিন্তু আন কিছুমান ধাতু যেনে Ca য়ে বিক্ৰিয়া কৰি উৎপন্ন হোৱা H2 গেছ জ্বলি নুঠে। Ca+2H2O—– Ca(OH)2+ H2 ইয়াৰ ওপৰিও Mg য়ে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে যদিও গৰম পানীৰ লগত বিক্ৰিয়া কৰি Mg(OH)2 আৰু H2 গেছ উৎপন্ন কৰে। Al, Fe, Zn আদিয়ে ঠাণ্ডা অথবা গৰম পানী কাৰোৰে সৈতে বিক্ৰিয়া নকৰে। ইহঁতে গৰম পানীৰ জ্বলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু H2 গেছ উৎপন্ন কৰে । 2Al + 3H2O(g)——– Al2O3+ 3H2 3Fe + 4 H2O(g)——- Fe3O4+ 4H2 আনহাতে Pb, Cu, Ag, Au আদিয়ে কোনো অৱস্থাতেই পানীৰ সৈতে বিক্ৰিয়া নকৰে। ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া সাধাৰণতে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰিলে ধাতুৰ লৱণ আৰু H2 গেছ উৎপন্ন হয় কিন্তু সকলো ক্ষেত্ৰতে নহয়। ধাতু + এছিড ——- ধাতৱ লৱণ + হাইড্ৰজেন গেছ, যেনে – 2Na+ 2HCl— 2NaCl+ H2 কিন্তু নাইট্ৰিক এছিড (HNO3) ৰ লগত ধাতুৱে বিক্ৰিয়া কৰিলে H2 উৎপন্ন নহয়। কাৰণ HNO3 এক প্ৰকাৰৰ জাৰক পদাৰ্থ। এই বিক্ৰিয়াত উৎপন্ন হোৱা H2 গেছক পানীলৈ পৰিৱৰ্তন কৰে। ধাতু আৰু আন ধাতৱ লৱনৰ বিক্ৰিয়া ধাতুৱে অনা ধাতৱ লৱনৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া ঘটে। যদি আপুনি প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া (Displacement reaction In Assamese Medium Science Class 10) কি নাজানে তেন্তে ওপৰৰ লিংকত ক্লিক কৰক । প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া বুজিবলৈ হলে আমি ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ কথা বুজিব লাগিব। • Facebook Page:   / assamesemediumonline   • Instagram Page:   / assamesemediumonline   • Twitter Page:   / assamese_medium   • LinkedIn Page:   / assamese-medium   Class 10 Assamese Medium Class 10 Science Assamese Medium: https://cutt.ly/vJoZR0U Class 10 Maths Assamese Medium: https://cutt.ly/AJoZnMi Class 10 Adv Maths Assamese Medium: https://cutt.ly/BJoZlGe Class 9 Assamese Medium Class 9 Maths Assamese Medium: https://cutt.ly/iJoZIBn Assamese Medium, Science Class By Shofiullah Khan, Maths Class By Rubul Ameen, Class 10 Assamese Medium, Class 9 Assamese Medium, Class 8 Assamese Medium, Class 7 Assamese Medium, Class 6 Assamese Medium, Assam Jatiya Bidalaya Solution, YouTube Channel Copyright Disclaimer Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.